উভতি নহাৰ বাট

    আমি প্ৰায়েই আওকাণ কৰি অহা, মানুহৰ আলোচনাৰ পৰা দূৰৈত থকা এটা স্পৰ্শকাতৰ বিষয়ক মূল হিচাপে লৈ হিফজুৰ ছিদ্দিকীয়ে ৰচনা কৰা "উভতি নহাৰ বাট" ক্ষমতা, প্ৰতিপত্তিয়ে মূৰত ধৰা সমাজৰ প্ৰতিজন মানুহলৈ এক পূৰ্ণহতীয়া চৰ। খাটি খোৱা শ্ৰমজীৱী লোকৰ দুখ-দুৰ্দশালৈ চকু দিবলৈ আমাৰ আহৰি নাই, ৰজাঘৰীয়ায়ো ভোট বেংকৰ বাদে আন একো বুলিয়েই নাভাবে তেওঁলোকক, পুঁজিপতিয়েও পাকে-প্ৰকাৰে ঠগি শ্ৰম আদায় কৰিবলৈহে চেষ্টা কৰে। মুঠতে তেওঁলোকৰ অসহায় চিঞৰ শুনিবলৈ আপোনাৰ, মোৰ, আমাৰ কাৰোৰে সময়ো নাই, ইচ্ছাও নাই। তেনেধৰণৰ শ্ৰমজীৱী লোক আৰু সমাজৰ ধনে-ক্ষমতায়ে চহকীসকলৰ মাজৰ এখন দাপোনেই হ'ল হিফজুৰ ছিদ্দিকীৰ "উভতি নহাৰ বাট"। সুসংহত কাহিনীৰ মাজেৰে উত্থাপন কৰা এটা স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি ৰচিত হোৱা "উভতি নহাৰ বাট"ৰ প্ৰতিটো পৃষ্ঠাতে পোৱা যাব আমাৰ সমাজৰ খাটি খোৱা শ্ৰমজীৱী অথচ সততে অৱহেলিত সকলৰ তেজ আৰু ঘামৰ গোন্ধ, শ্ৰমৰ গোন্ধ, চকুপানীৰ টোপাল, সপোনৰ ভগ্ন টুকুৰা... যিটো শ্ৰেণীয়ে শ্ৰম নকৰিলে তথাকথিত উচ্চ শ্ৰেণীৰ মানুহবোৰে চকুৰে ধূঁৱলী-কুঁৱলী দেখে এই শ্ৰমজীৱী সকলকে আকৌ সেই উচ্চ শ্ৰেণীৰ মানুহবোৰে শোষণ কৰাৰ এখন কৰুণ, নিৰ্দয় চিত্ৰ ফুটি উঠিছে "উভতি নহাৰ বাট"ত। মানুহৰ জীৱনত সম্পৰ্কৰ টান, আপোনজনৰ প্ৰতি আৱেগ-অনুভূতি আৰু আপোনজনৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত মানুহে কোনটো পৰ্যায়লৈ নিজকে শেষ কৰিব পাৰে তাৰো এখন কৰুণ চিত্ৰ ফুটাই তোলা হৈছে "উভতি নহাৰ বাট"ৰ পৃষ্ঠাত। ৰাজনৈতিক নেতাৰ ৰাজনৈতিক কাৰচাজিৰ মাজত হেৰাই যোৱা সাধাৰণ ৰাইজৰ আশা-আকাঙ্ক্ষাৰ কৰুণ চিত্ৰ উপন্যাসখনৰ কেইটামান বিশেষ বাক্যই প্ৰতিধ্বনিত কৰিছে "যেতিয়া ডাঙৰ গাড়ী, ডাঙৰ মানুহ আৰু চৰকাৰী ক্ষমতা গাঁৱলৈ আহে, দুখীয়া মানুহৰ বুকু সদায় কঁপে।" আৰু "ৰাজনীতিৰ উৎসৱত কোৱা কথাবোৰৰ মূল্য কিমান আৰু দুখীয়াৰ সন্মানৰ মূল্য কিমান।" আকৌ, ধনে-ক্ষমতায়ে চহকীসকলৰ ওচৰত শ্ৰমজীৱী লোকৰ জীৱনৰ অসাৰতাৰ কথা বুজাবলৈ "চহৰখনে গমেই নাপালে যে ইয়াৰ এটা ইটা কঢ়িওৱা যন্ত্ৰ বিকল হৈ গ'ল। কাইলৈ শ্ৰমৰ বজাৰত আন এজন ৰহিম আহি থিয় হ'ব।" বাক্যটোৰ ব্যৱহাৰ কৰা হৈছে। 
      উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে লেখকে কাহিনীৰ উপস্থাপন আৰু বৰ্ণনাত যথেষ্ট সংবেদনশীল হোৱা দেখা গৈছে। লগতে পৰিৱেশ, পৰিস্থিতিৰ বৰ্ণনাত লেখক সফল হৈছে বুলি ক'ব পাৰি কাৰণ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো বাক্যই পাঠকৰ মনত এক দৃশ্য অংকন কৰাত সফল হৈছে। লগতে এটা সামাজিক বিষয়ক কেন্দ্ৰ কৰি ভাষাক সতেজ কৰি কাহিনীক মনোগ্ৰাহী কৰি তোলাৰ লগতে লেখক ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অতি সচেতন হোৱা দেখিবলৈ পোৱা যায়। গ্ৰন্থখনত লেখকৰ পৰ্যবেক্ষণ গুণ আৰু সামাজিক সমস্যাৰ অনুভৱৰ লগতে সংবেদনশীলতাও প্ৰকাশ পাইছে। কাহিনীটোত দেখিবলৈ পোৱা গৈছে এক চমৎকাৰ আৰম্ভণি আৰু বিস্ময়কৰ বুদ্ধিদীপ্ত সূচনা। উল্লেখযোগ্য যে হিফজুৰ ছিদ্দিকীৰ এইখন প্ৰথম গ্ৰন্থ, কিন্তু এটা কথা ক'ব লাগিব যে প্ৰথম গ্ৰন্থ হিচাপে লেখক সফল হৈছে। সময়ে সময়ে লেখকে উপন্যাসখনৰ বিভিন্ন চৰিত্ৰ আৰু পৰিৱেশৰ সহায়ত সামাজিক অবিচাৰবোৰৰ স্থিতাৱস্থাৰ বিপক্ষে তেজস্বী প্ৰতিবাদেৰে গৰজিও উঠিছে। গ্ৰন্থখন হাতত তুলি ল'লে যিমানেই পৃষ্ঠাবোৰ লুটিয়াই যাব সিমানেই চকুহাল ধূসৰ হৈ আখৰবোৰ চিনিব নোৱাৰাকৈ চকুপানীৰে ভৰি পৰিব, পৃষ্ঠাটোৱে প্ৰতি আৱেগবোৰে জঁপটিয়াই ধৰিব, মিশ্ৰিত অনুভূতি কিছুমানে হেতা-ওপৰা কৰিব আৰু শেষত বহুদিনলৈ মন-মগজুত "উভতি নহাৰ বাট" আৰু ৰহিম, ছালিমা, দীনা আৰু ৰামহঁতৰ কথাবোৰে পাকঘূৰণি খাই থাকিব। "উভতি নহাৰ বাট" পঢ়ি ক'ব পৰা যায় যে হিফজুৰ ছিদ্দিকীৰ কলমত জোৰ আছে, তেওঁ নৱপ্ৰজন্মৰ এগৰাকী সম্ভাৱনাপূৰ্ণ লেখক লগতে বৰ্তমানৰ পৰা অনাগত সময়লৈকে এগৰাকী শক্তিশালী লেখক যাৰ কলমে কথা কয়, যুঁজে আৰু প্ৰতিবাদ কৰে। 

Popular posts from this blog

ড° মৃণাল কলিতাৰ "চিকাৰ আৰু অন্যান্য কাহিনী"

কাব্য-ভূমি : উমাকান্ত শৰ্মা