কাব্য-ভূমি : উমাকান্ত শৰ্মা
কাব্য-ভূমি
সাহিত্য আৰু সমালোচনা পদ্ধতি
সাহিত্য ক্ষেত্রত কোনো এটা নির্দিষ্ট বিচাৰ-পদ্ধতি স্থিৰ কৰাৰ দৰে দুৰুহ কাম নাই। অৱশ্যে নির্দিষ্ট মতবাদ, কেৱল সাহিত্যতে নহয়, কোনো ক্ষেত্রতে পোৱা নাযায়। দর্শন, বিজ্ঞান আদি সকলো ক্ষেত্রতে মতদ্বৈধ আছে। তথাপিও সাহিত্যৰ কথাটো অলপমান সুকীয়া। এটা নির্দিষ্ট বিচাৰ-পদ্ধতি (method) থকা সত্ত্বেও, যদি সাহিত্য-বিচাৰত বিভিন্ন সিদ্ধান্তৰ উদ্ভব হ'ল হেতেন, তেনেহলে তাত আচৰিত হবলগীয়া একো নাছিল। অন্যান্য ক্ষেত্রতো সেয়ে হয়। কিন্তু কথা হ'ল, সাহিত্যৰ মান-দণ্ড কি? তাৰ মূল্য নিৰূপণ কিহৰ দ্বাৰা হয়? বিজ্ঞানৰ মান-দণ্ড আছে। প্রত্যক্ষ ভাবে নাইবা অতিশয় জটিল পৰোক্ষ ভাবে বিজ্ঞানৰ সিদ্ধান্ত বোৰ প্ৰমাণ কৰিব পাৰি। প্ৰমাণৰ বিশিষ্ট ৰীতি আছে। সাহিত্যত প্রমাণৰ প্রশ্ন নাই। কাৰণ প্রমাণক লাগে হয় প্রত্যক্ষ বাস্তৱ, নহলে কিছুমান স্বয়ংসিদ্ধ সূত্র। অথচ, কোনো সাহিত্যত বাস্তুৱ, বাস্তৱ হিচাবে নাথাকে। দ্বিতীয়তঃ সাহিত্যৰ কাৰণে বিশেষ স্বয়ংসিদ্ধ সূত্র কিছুমানকে বা কোনে দিব? গতিকে কথাটো হ'ল যেন এনেকুৱা। -বিজ্ঞানৰ সুনির্দিষ্ট পদ্ধতি আছে, তথাপিও আনকি তাতেই একোটা সমস্যাৰ বিভিন্ন সিদ্ধান্ত আহি পৰে। সাহিত্যৰ কোনো নির্দিষ্ট বিচাৰ পদ্ধতিয়ে নাই; গতিকে তাত জানোঁ যেই সেই কোনো স্থিৰ সিদ্ধান্তব প্রশ্ন উঠিব পাৰে?
আনফালে, মানুহৰ সভ্যতাৰ দীঘল বুৰঞ্জীত মানুহে উজ্জ্বল স্তম্ভ সাজিলে, বিজ্ঞানেৰে দৰ্শনেৰে। মানুহৰ সাধনাৰ ফল এই বিজ্ঞান দর্শন;-তাৰ যুগ যুগ তপস্যাৰ ফল।- তেনে, এই তপস্যাৰত মানুহজন গ'ল ক'লৈ? বিজ্ঞান দর্শন এদিনৰ কথা নহয়। ইয়াৰ মাজত লুকাই আছে হাজাৰ হাজাৰ বছৰৰ লক্ষ লক্ষ মানুহৰ প্রাণ। সেই মানুহ বোৰৰ কি হ'ল?-সেই জীৱন্ত মানুহ বোৰ?-সিহঁতৰ আনন্দ উৎসৱ, দুখ-নির্যাতন, প্রেম-পৰিণয়? সিওতো কম গৌৰবময় কাহিনী নহয়। যদি মানুহজন যায়, থাকে তাৰ চিন্তা; তাৰ দৈনন্দিন জীৱনৰ ঘাত-প্রতিঘাত, সমাজ-বিপ্লৱ আৰু তাৰ সংগ্রাম, নির্মম প্রকৃতি আৰু কৰুণাময় দেৱতা,-এই সকলোবোৰ মিলি হোৱা যে তাৰ জীৱন, এই সকলোবোৰ যদি তাৰ যায়, আৰু থাকে তাৰ সমাধি লব্ধ তত্ত্ব, তেনে তাৰ আৰু কি থাকিল?-সেই কাৰণে এঠাইত যেনেকৈ থাকিল তাৰ তত্ত্ব, আনঠাইত তেনেকৈ থাকিল তাৰ জীৱন; এঠাইত দেখা গ'ল তাৰ শ্রেষ্ঠত্ব আৰু মহত্ব, আনঠাইত তাৰ দুর্ব্বলতা সবলতা মিলি হোৱা তাৰ সমগ্ৰ কীৰ্ত্তি; এটা হ'ল মানুহৰ তত্ত্ব, আনটো হ'ল তাব কাব্য। দুয়োটা মানুহৰ দান। দুয়োটাতে সেই মানুহৰেই মহিমা বিয়পি পৰিছে। সেই কাৰণে মানুহ আৰু সমাজৰ উন্নতিৰ লগে লগে, বিজ্ঞান আৰু দর্শনৰ উৎকর্ষৰ লগে লগে, কাব্যই ও উন্নতি কৰিলে। সেই কাৰণেই আকৌ-কাব্য হৈ পৰিল মানুহৰ সভ্যতাৰ নিদর্শন।
গতিকে, দুটা ভালকথা বা বেয়া কথা কৈয়ে কাব্যৰ প্রশ্নটো দূৰ কৰিব নোৱাৰি। সেই প্রশ্নটোৱে বাৰে বাৰে উঠিব। সাহিত্যৰ বিচাৰ-পদ্ধতি কি? কিহৰ দ্বাৰা নিৰূপিত হব তাৰ মূল্য?-কিন্তু য'ত প্ৰমাণৰ কোনো অবকাশ নাই, তাত বিচাৰৰ প্রশ্ন কেনেকৈ উঠে? আৰু আচলতে যদি মনৰ বাহিৰত সাহিত্যৰ মূল নিৰূপক কোনো যন্ত্র নাই, তেনে সচাকৈয়ে এনে এটা বিসদৃশ অৱস্থাৰ উদ্ভব হয় যে তাব পৰা আৰু উদ্ধাৰৰ উপায় পোৱা নাযায়। কাৰণ তেতিয়া থাকে কেৱল ব্যক্তি-গত কচি-বোধ। অথচ এই অৱস্থাটো সাহিত্যৰ কাৰণে অতিপাত অস্বাস্থ্যকৰ। কাৰণ, ইয়াৰ পৰা এইটোৱে প্রমাণ হব যে সমালোচনাৰ কোনো নীতি নাই, পদ্ধতি নাই। গতিকে সমালোচনাৰ নীতি, সমালোচকৰ নীতি; তাব বিচাৰ বোধ, ব্যক্তিগত ৰুচি-বোধ। আৰু সেয়ে হলে, সাহিত্যৰ মৰ্য্যদা, বুদ্ধি-বৃষ্টিৰ অমৰ্য্যদা। কিন্তু বুদ্ধিকে বাদ দিলে বিচাৰৰ স্থান ক'ত? সেই কাৰণে। ব্যক্তি ৰুচিৰ বিৰুদ্ধে প্রায় সকলোৱে প্রতিবাদ কৰা দেখা যায়। বিশেষকৈ, GENT যি সকল সমালোচকে সাহিত্যত বৈজ্ঞানিক পদ্ধতি ব্যবহাৰ কৰিবলৈ কয় তেওঁলোকে ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিছে।
কিন্তু, কিয় সাহিত্যত বিচাৰ পদ্ধতি নাই?-কিয় তাত প্ৰমাণৰ অৱকাশ নাই? সাহিত্যতো থাকিব পাৰে, কিছুমান স্বয়ংসিদ্ধ সূত্ৰৰ দাবী, নাইবা প্রত্যক্ষ বাস্তৱৰ লগত সম্বন্ধ। সেয়ে যদি হয়, হয় বাস্তৱৰ লগত, নহলে এই স্বতঃ সিদ্ধ বোৰৰ লগতে খাপ খুওৱাকৈ সাহিত্যৰ এটা বিচাৰ পদ্ধতি গঢ়ি উঠিব পাবে। অর্থাৎ সাহিত্য-সমালোচনাত বৈজ্ঞানিক পদ্ধতি (scientific method) ব্যৱহাৰ কৰাত অসম্ভৱ একো নাই।
মুঠৰ ওপৰত অৱস্থাটো হ'ল এই। সাহিত্য সমালোচনাৰ কথা ওলালে, এই নির্দিষ্ট পন্থাৰ কথা ওলোৱাটো স্বাভাৱিক। কাৰণ, এটা নাথাকিলে যি হব, তাৰ নাম ব্যভিচাৰ। সেয়ে হোৱা সত্ত্বেও, সাহিত্য নাইবা আর্টৰ বিশেষত্বলৈ চালে, এনেকুৱা ধাৰণা হোৱাও অস্বাভাৱিক নহয় যে (১) আৰ্টৰ মূল্য পাঠক বা শ্রোতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তেতিয়া প্রশ্ন হব পাঠক বা শ্রোতাৰ কি বৃত্তিৰ ওপৰত ই নিৰ্ভৰ কৰে? যদি সেই বৃত্তি ৰুচি-সাপেক্ষ হয়, তেনেহলে তাত পদ্ধতিৰ প্রশ্ন মুঠে। কাৰণ পদ্ধতি বুলিলেই সি সাধাৰণ, ব্যক্তি-নিৰপেক্ষ। সেই কাৰণে বহুত সময়ত এটা 'সাধাৰণ ৰুচি-বোধ'ৰ অবতাৰণা কৰা হয়। অৱশ্যে তেতিয়াও প্রশ্ন উঠিব যে এই সাধাৰণত্ব কি লক্ষণৰ দ্বাৰা নিৰ্দ্ধাৰিত হব? এই বোৰ নানা অসুবিধাৰ বাবে (২) ইতিহাস পন্থী বা বস্তুমুখী দৃষ্টিকে সমালোচনাৰ বিশিষ্ট পদ্ধতি বুলি ধৰিলোৱা হয়।
তেনেকৈয়ে আন একপ্রকাৰ বহির্মুখী সমালোচনা হব পাৰে যদি, আগেয়ে কোৱাৰ দৰে, ইয়াত থাকে কিছুমান স্বতঃসিদ্ধ। কাৰণ (৩) formal criticism বা শাস্ত্রীয় আলোচনাও একপ্রকায় বহির্মুখী আলোচনা। আনফালে, সমালোচনা ক্ষেত্রত, বিজ্ঞান সম্মত নীতিৰ কথা অইন এটা ফালৰ পৰাও তুলিব পাৰি। ইয়াত দৃষ্টি বহির্মুখী নহয়, অন্তর্মুখীয়ে। তথাপিও ইয়াত কিছুমান নির্দিষ্ট নীতি আছে। অর্থাৎ (৪) সাহিত্যক মনোবিজ্ঞানৰ এটা শাখা বুলিব পাবি। জীৱবিজ্ঞান আৰু মনোবিজ্ঞান, এই ছয়োবিধ বিজ্ঞানে আমাৰ এই যুগত বিশেষ খ্যাতি লাভ কৰিছে। আৰু দুয়ো ক্ষেত্রতে নিত্য নতুন আবিষ্কাৰ হবই লাগিছে। এই মনোবিজ্ঞান অৱশ্যে আগৰ দিনৰ দার্শনিক মনোবিজ্ঞান নহয়, বৈজ্ঞানিক মনোবিজ্ঞান। আমাৰ এই যুগত, মানুহৰ জীৱনৰ ওপৰত এই দুয়ো বিজ্ঞানে অতিশয় প্রভাব বিস্তাৰ কৰিছে। শিল্পও এই প্রভাবৰ পৰা মুক্ত নহয়। সেই কাৰণে সাহিত্যৰ অভিজ্ঞতা আমাৰ জীৱনৰ আন আন দৈনন্দিন অভিজ্ঞতাৰ দৰে। ই কেৱল 'অনুব্যৱসায়', 'অনুব্যৱসায় বিশেষ', বোলাৰ কোনো অর্থ নাই। আৰু যেনেকৈ আমাৰ এশ এটা অভিজ্ঞতা এই মনস্তত্ত্বৰ সূত্রেৰে ব্যাখ্যা কৰিব পাৰি তেনেকৈ সাহিত্যৰ অভিজ্ঞতাকো পাৰি। আৰু সাহিত্যৰো সেই একে ব্যৱস্থাই হোৱা উচিত।
ইমানৰ পিছতো কিন্তু এটি বদ্ধমূল সংস্কাৰ মূৰ ডাঙ্গি উঠিব পাৰে। আৰু হয়তো যি জীৱন স্পন্দনত আর্টৰ বীজ সোমাই আছে, সেই স্পন্দনতেই লীন গৈ আছে এই সংস্কাৰ। এই সংস্কাৰৰ ফলতেই মানুহে বিশ্বাস কৰে (৫) যে সাহিত্য আৰু সমালোচনা দুয়োটা যোগ লব্ধ। সমালোচনা কৰিলেই আচল সমালোচক নাইবা কবিতা লিখিলেই আচল কবি নহয়। সাহিত্য-সৃষ্টি নাইবা সাহিত্য বিচাৰত এনেকুৱা এটা দৃষ্টিৰ প্রয়োজন যি হব তীক্ষ্ণ, গভীৰ, সৰ্ব্বগামী আৰু পরিপূর্ণ। সেই দৃষ্টিৰ নাম যোগদৃষ্টি বা প্রতিভা। প্রত্যেকজন কবিয়েই যোগী। ক'লৰিজৰ ভাষাত এনেকুৱা কোনো শ্রেষ্ঠকবি নাই যি গৰাকী দার্শনিক নহয়। অৱশ্যে গভীৰ যুক্তি-চিন্তাৰ নাম প্রতিভা নহয়। 'প্রতিভা' 'হেতু' 'উদাহৰণ' আদি লৈ ন্যায় শাস্ত্রৰ যি কঠোৰ যুক্তি, তাৰ উপযোগিতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। যি সকল প্রমাণ-পটু তেওঁলোক সকলোৰে শ্রদ্ধা ভাজন এই কথাও সকলোৱে মানে। তথাপি এই দৃষ্টিৰ সুকীয়া মহিমা আছে। এই দৃষ্টিৰ মাজেৰে জগতৰ যি ৰহস্য ফুটি ওলায় সি সকলোকে চমৎকৃত কৰে। ইয়াৰ মাজেৰে ওলায় চিৰপৰিবর্তনশীল প্রকৃতিৰ লীলাৰূপ আৰু জীৱনমহিমা।
প্রতিভাৰ সহায় নহলে মানুহ কবি বা শিল্পী হব নোৱাৰে, এনেকুৱা বিশ্বাস আমাৰ আছে। কিন্তু সমালোচকৰ বাবে তেনে কোনো শক্তিৰ প্রয়োজন নাই, মাজে মাজে এনে ধাৰণা আমাৰ হয়। কবিৰ কাৰ্য্য আৰু সমালোচকৰ কাৰ্য্য বিভিন্ন জাতীয়; গতিকে, কবি আৰু সমালোচকৰ সমদৃষ্টি থকাৰ কোনো প্রয়োজন নাই। কিন্তু এই ধাৰণাৰ গুৰিত ভ্রান্তি আছে। কবি আৰু সমালোচকৰ কাৰ্য্য বিভিন্ন জাতীয় এই কথা অস্বীকাৰ কৰিব নোৱাৰি। তথাপি দুয়ো ক্ষেত্রতে উভয়ৰে দৃষ্টি সমজাতীয়। শিল্পীয়ে যেনেকৈ চলন্ত ঘটনা সমূহৰ আবৰণ ভেদ কৰি, সেই ঘটনাৰ অন্তৰালৰ পৰা বাস্তৱব স্বৰূপটো ডাঙ্গি দেখুৱাই একপ্ৰকাৰ নতুনৰ সৃষ্টি কৰে, সমালোচকেও তেনেকৈ তীক্ষ্ণ দৃষ্টিৰ দ্বাৰা এই নতুন সৃষ্টিৰ মহিমা প্রকট কবি দেখুৱায়। শিল্পীৰ মনোৰাজ্যত যি বস্তুৱে জন্মলাভ কৰে, সমালোচকে অন্তৰৰ উম দি তাক প্রতিপালন কৰে, তাৰ স্বাস্থ্য গঢ়ি তোলে। শিল্পীয়ে যি সৃষ্টি কৰে সমালোচকে তাক অন্তৰেৰে অনুভব কৰে। এক কথাত কবলৈ হলে, সমালোচকজন 'সহৃদয়'। 'সহৃদয়'ৰ এটা সুন্দৰ ব্যাখ্যা দিয়া আছে।
যেষাং কাব্যানুশীলনাভ্যাসবশাৎ বিশদীভূতে মনোমুকুৰে বৰ্ণনীয় তন্ময়ীভবন যোগ্যতা, তে হৃদয়-সংবাদ-ভাজঃ সহৃদয়ঃ।
নানা কাব্য আলোচনা কৰাৰ পাছত, যি সহানুভূতিশীল হৃদয় ব্যক্তিৰ মনৰ দাপোনত বর্ণিত বিষয়বস্তুটো প্রতিফলিত হোৱাত, সেই বস্তুৰ লগত তন্ময়তা জন্মে, তেওঁৱেই সহৃদয়।
আৰু আন এজন পণ্ডিতৰ মত এটাৰ অলপমান আভাস দিলেই আমাৰ কথাটো পৰিষ্কাৰ হৈ যাব যে সমালোচক আৰু সাহিত্যিকৰ দৃষ্টিভঙ্গি সমজাতীয়।
"দার্শনিক সমালোচকৰ নিজৰে শিল্প-প্রতিভা থাকিব লাগিব। যেনেকৈ অন্ধ মানুহ এজনে ৰং সম্বন্ধে কোনো মত দিব নোৱাৰে, তেনেকৈ প্রতিভা নাথাকিলে সমালোচক হব নোৱাৰে। সমালোচকে এই বুলি ভবাটো ভুল যে যুক্তি তর্কৰ বলেৰে সৌন্দৰ্য্যৰ উপলব্ধি হব পাৰে, কাৰণ, তর্কবুদ্ধিয়ে কাৰ্য্য-কাৰণৰ সম্বন্ধ স্থিৰ কৰিবলৈ অবকাশ নৌপাওঁতেই সৌন্দর্য্যই তেওঁৰ অন্তৰত আপোনা আপুনি প্রতিভাত হব লাগিব। সৌন্দর্য্যই এনে ভাবে তেওঁৰ সমস্ত সত্ত্বাকে অকস্মাতে চমৎকৃত কৰি তুলিব যে জন্মলাভ কৰা মাত্রকে যুক্তিক ই টেটুত চেপি মাৰি পেলাব।”
(১)
সাহিত্যৰ যি বিচাৰটো সাধাৰণতঃ ৰুচি সাপেক্ষ বুলি ধৰা হয়,
তাৰ মূল বিশ্বাসৰ ভেটিটো এনেকুৱা,-
"যেনেকৈ কোনো শিল্প বস্তুকেন্দ্রী হব নোৱাৰে, তেনেকৈ সমালোচনাও বস্তুকেন্দ্রী হব নোৱাৰে। কোনো লোকে যদি ভাবে যে তেওঁ তেওঁৰ কাব্য গ্রন্থত তেওঁৰে স্বৰূপৰ বাহিৰে আন কিবা বস্তু প্রকাশ কৰিব পাৰিছে, তেনে ভাবিব লাগিব যে তেওঁ কেৱল এটা ক্রুৰ ভ্ৰমৰ মাজত দুব গৈ আছে।”
কিন্তু, সাধাৰণতঃ এনেকুৱা কথাৰ ওপৰত ভৰদি কিবা এটা সিদ্ধান্তত উপস্থিত হবলৈ যোৱাটো বৰ বিপদজনক। কাৰণ, ইয়াত সচাঁ কথা এটাৰ ভাগ এনেকৈ প্ৰকাশ কৰা হৈছে যে বিচাৰ কৰি চালে তাত আৰু অকনো সত্য পোৱা নাযায়। অথবা অর্থৰ জটিলতাই সমগ্র শুদ্ধ সত্যটোকে ঢাকি পেলায়। সি যিয়ে নহওক, মূল কথাটো হ'ল এই। মানুহৰ চিন্তা নাইবা জ্ঞান বহির্মুখী বস্তুকেন্দ্রী। জ্ঞান-বিষয়টো কোনাবা এটা বস্তু বা বস্তুৰ প্রতীক। সেইকাৰণে চিন্তাৰ সাধাৰণ লক্ষণ আছে, সাধাৰণ আধাৰ আছে। সেই আধাৰো জ্ঞান-গম্য। অৱশ্যে ওপৰৰ মত অনুসৰি, জ্ঞান নাইবা চিন্তাও অন্তর্মুখী; জ্ঞানৰ বিষয় বস্তু নহয়-মন। কিন্তু, ই হ'ল এটা সম্পূর্ণ বেলেগ দৃষ্টিৰ ফল। গতিকে, আমি বর্তমান ধৰি লম যে জ্ঞানৰ আধাৰ আছে। আনফালে অনুভূতিৰ তেনেকুৱা কোনো বিষয় নাইবা আধাৰ নাই। সেই কাৰণে অনুভূতিৰ কোনো পৰিচালক নাই, তাৰ ক্ষীণতা বা তীব্রতাৰ কোনো পৰিমাপক নাই। সি সম্পূর্ণ ব্যক্তি-সাপেক্ষ। ভাল-লগা বেয়া-লগাৰ জানো কিবা নীতি আছে? তথাপিও সাহিত্যৰ ভালবেয়া নিৰ্দ্ধাৰিত কৰিব লাগিব, এই ভাল-লগা বেয়া-লগাৰ দ্বাৰা। অর্থাৎ, সাহিত্যৰ আনকোনো বিচাৰ-পদ্ধতি নাই। তাৰ মূল্য বিচাৰকৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে। পঢ়ি সমালোচকৰ ভাল লাগিলেই ভাল, বেয়া লাগিলেই বেয়া। যুক্তি তৰ্কৰ দ্বাৰা যি বস্তুৰ মূল্য নিৰ্দ্ধাৰণ কৰিব নোৱাৰি বাহিৰৰ বস্তুৰ লগত ৰিজাই চাই যাৰ সঁচা মিছাৰ প্ৰমাণ লব নোৱাৰি সেই বস্তু সম্বন্ধে আন কি বেলেগ ব্যৱস্থা হব পাৰে? যুক্তিৰ সহায় নোলোৱাকৈও আন কিবা উপায়ে বস্তুৰ মৰ্ম উপলব্ধি কৰিব পাৰিনে নোৱাৰি সেই কথাই ইয়াত স্থান পোৱা নাই। আৰু যদি আচলতে ইয়াত তর্কবুদ্ধিৰ উপযোগিতা নিচেই কম, তেনে শিক্ষা, বয়স, অভিজ্ঞতা আদিৰ কোনো প্রয়োজন ইয়াত নাই। বৰঞ্চ জীৱনৰ ৰুঢ় অভিজ্ঞতা আৰু কঠোৰ শিক্ষাই উপলব্ধিৰ পথত প্রতিবন্ধক হে হব। সেই কাৰণে, মনৰ ওপৰত কোনো স্থায়ী দাগ নপৰা কুমলীয়া ডেকাবোৰেই সমালোচকৰ বাবে আটাইতকৈ উপযুক্ত। শুনোতে কথাটো যদিও তেনেই অযুক্তিকৰ যেন লাগে, তথাপি প্রতিভাশালী কোনো কোনো শিল্পীয়ে এই মতকেই অনুমোদন কৰিছে। অৱশ্যে, এই মতৰ বিৰুদ্ধে নানা আসোঁৱাহ উঠে। শিল্পৰ মূল্য যেতিয়া ব্যক্তিমনৰ ব্যক্তিপ্রতিক্রিয়াৰ ওপৰত সম্পূর্ণভাৱে নিৰ্ভৰ কবে, তেতিয়া একেবিধ শিল্প সম্বন্ধে পৰস্পৰ বিৰোধী নানা মতবাদ গঢ়ি উঠিবৰ সুবিধা পায়। এজনৰ মনত যদি ই ভাল, আন এজনৰ মনত ই তেনেই বেয়া; এজনৰ মনত সুষ্ঠ আৰু সবল, আন এজনৰ মনত অশ্লীল; 'এজনৰ বাবে জনহিতকৰ আন জনৰ বাবে নীতিহীন। সাহিত্য বিচাৰ ক্ষেত্ৰত ইয়াৰ নাম ব্যভিচাৰ। অৱশ্যে সমস্যাটোৰ গুৰিলৈ গলে গোটেই সমস্যাটোৰ ৰূপ সলনি হৈ যায়। তেতিয়া প্রশ্ন হয়, সৌন্দর্য্য বোলা কিবা এটা সত্ত্বা সাঁচাকৈ জানো আছে? ইন্দ্রিয় গ্রাহ্য নানা বস্তু যেনেকৈ সংসাৰত আছে, বস্তুতকৈ ভিন্ন সৌন্দর্য্য বোলা ইন্দ্রিয় গ্রাহ্য কিবা এটা জানোঁ তেনেকৈ আছে? যদি আছে, তেনে কথাটো উজু হৈ গ'ল। কাৰণ, তেতিয়া এটা সাধাৰণ মানদণ্ড থাকিব। যদি নাই, তেনে সমস্যাটোৰ সমাধান জটিল হৈয়ে থাকিব। অথচ আছে বুলি প্রমাণ কৰাটো অতি দুৰুহ কাম। যিয়েই নহওক, এই সমস্যাৰ ভিতৰত আৰু নোসোমাওঁ। তথাপিওঁ প্ৰমাণ কৰিব পাৰি যে এই ব্যক্তি সাপেক্ষ ৰুচি-বাদ, সমালোচনা পদ্ধতি হিচাবে, তেনেই দুর্ব্বল। কাৰণ ইয়াৰ কোনো অচল ভিত্তি নাই। সেই কাৰণে ৰুচিৰ ধর্ম সম্বন্ধে কেৱল প্রশ্নহে কৰিব পাৰি। তাৰ কোনো উত্তৰ পোৱা নাযায়।
সুৰুচি বোলা কিবা বিশেষ গুণ জানোঁ মানুহৰ আছে? সুৰুচিৰে মাত্র একটা গুণকে বুজায় নে একপ্রকাৰ বিশেষ গুণসমস্তিষ্ক বুজায়? সুকাব্য অধ্যয়ন কৰা সুৰুচি; তেনেকৈ মেজত সাধাৰণ কাপোৰ এখনকে এক বিশেষ ভাবে পাৰি দিয়াৰ নামো সুৰুচি। সাধাৰণ খাদ্যকে এক বিশেষ ভাবে লৈ খোৱাৰ নামো সুৰুচি। কাব্য পাঠৰ সময়ত মানুহ জনৰ যি গুণৰ কথা ভাবিছো, মেজত কাপোৰ পাৰাত-বা খোৱাৰ সময়ত সেই গুণৰ কথা ভবা নাই। অর্থাৎ বিভিন্ন স্থানত-বিভিন্ন গুণেই সুৰুচি বুলি নির্দিষ্ট হয়। আৰু যদি ধৰি লোৱা হয় যে সুৰুচি মাত্র একেটা, তেনে তাৰ লক্ষণ কি? কিহৰ ওপৰত ই নিৰ্ভৰ কৰে? বস্তুৰ উচ্চতা নীচতাৰ ওপৰত নে স্বয়ং সমালোচকজনৰ ওপৰত? আৰু সুৰুচি যদি সুনীতিৰেই নামান্তৰ তেনে সুনীতি মানেই বা কি? তাৰ উপৰিও, দৃষ্টিয়ে যেনেকৈ এটা ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰ কৰে, ঘ্রাণে যেনেকৈ আন এটাৰ ওপৰত নিৰ্ভৰ কৰে, ৰুচিয়ে জানে। তেনেকৈ কিবা এটা ইন্দ্রিয়ৰ ওপৰত নিৰ্ভৰ কৰে? সুৰুচিৰ বাবে জানো কিবা সুকীয়া ইন্দ্রিয় আছে?
অৱশ্যে, যি সকলে ৰুচিৰ দোহাই দিয়ে, তেওঁলোকেও তেওঁলোকৰ দুর্ব্বলতাৰ কথা জানে। সেই কাৰণে কিছুমানে কয় এটা 'সাধাৰণ ৰুচি'ৰ কথা। আন কিছুমানে কয় যে যদিও ৰুচি সকলো মানুহৰে সমান নহয়-যদিও দুজন মানুহৰ ৰুচি বিভিন্ন ৰকমৰ হয়, তথাপি তাৰ মাজতে এটা সাধাৰণ লক্ষণ উলিয়াব পাৰি। কাৰণ, ৰুচিতো সকলো মানুহৰ নাথাকে। যি মানুহৰ সুৰুচি আছে, তেওঁৰ সংস্কাৰ আৰু বিবেকবুদ্ধি সৰ্ব্ব সাধাৰণৰ দৰে নহয়। এনেকুৱা কোনো সুৰুচি সম্পন্ন মানুহে যদি সমালোচনা কৰে, তেনেহলে সেই সমালোচনা কেৱল তেওঁব নিজৰ অন্তৰৰ ভাল-লগা বেয়া-লগাৰেই বিচাৰ নহয়। ই সঁচাকৈয়ে হব ন্যায্য বিচাৰ।
কিন্তু ইয়াৰ পৰা ওলাই পৰিব যে, ৰুচি আৰু ৰুচি হিচাবে নাথাকিল। ৰুচিয়ে সাহিত্যৰ বিচাৰক-এই কথাটো প্রমাণ কৰিবলৈ গৈ ৰুচিবাদী সকলে সুৰূচি আৰু কুৰুচিৰ পাৰ্থক্য বিচাৰিলে। কিন্তু, সুৰুচি-কুৰুচিৰ পাৰ্থক্য স্থিৰ কৰিব পাৰে, ৰুচিতকৈ বেলেগ অন্য কিবা এটা বস্তুৱে, যেনে বিবেকবুদ্ধি, সংস্কৃতি ইত্যাদি। আৰু ইয়াতেই হয় ৰুচি নীতিৰ সমাধি। অথচ আৰম্ভণিতে আমাৰ এনেকুৱা লাগিছিল যে সাহিত্য বিচাৰত ইয়াতকৈ বেলেগ নীতি আৰু হব নোৱাৰে। কাৰণ য'ত প্ৰমাণৰ কোনো প্রশ্ন নাই তাত বহিৰঙ্গ আৰু সৰ্ব্বসাধাৰণ সম্মত ব্যৱস্থাৰো কোনো সম্ভাবনা নাই। আৰু সাহিত্যত প্রমাণৰ ঠাই নাই এই কাৰণে যে, ইয়াত বাস্তৱ-সংযোগো নাই, নির্দ্দিষ্ট স্বতঃ সিদ্ধও নাই। কিন্তু প্রত্যেক চিন্তাশীল মানুহৰে প্ৰমাণৰ বাবে এটা ধাউতি আছে। সেই কাৰণে নানা উপায়ে পণ্ডিত সকলে সাহিত্য বিচাৰত প্রমাণ মূলক কিবা এটা পদ্ধতি পাবৰ বাবে চেষ্টা কৰিছে। আনফালে এই ৰুচি-সাপেক্ষ ব্যক্তি-ধর্মী পদ্ধতিৰ ঠাইত বৈজ্ঞানিক পদ্ধতি দিবলৈ যাওঁতে এনে এটা প্রতিক্রিয়া মনৰ ওপৰত হ'ল যে বৈজ্ঞানিক প্রমাণৰ নিশ্চয়তা আৰু সুনিদ্দিষ্টতা ৰাখিবলৈ গৈ ই সাহিত্যৰ মূল বস্তুকে পৰিহাৰ কৰিলে।
তথ্য উৎস:
গ্ৰন্থ: কাব্য-ভূমি
লেখক: উমাকান্ত শৰ্মা
প্ৰকাশক সত্যৰঞ্জন দে
বীণা লাইব্ৰেৰী
গুৱাহাটী -১
প্ৰথম প্ৰকাশ: আহিন- ১৩৫৬ (১৯৩৫)
পৃষ্ঠা: ১-১০