"প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া"ৰ পৃষ্ঠাৰ পৰা
কেতিয়াবা কিছুমান গ্ৰন্থ হাতত তুলি ল'লে যিমানেই পৃষ্ঠাবোৰ লুটিয়াই যোৱা যায় সিমানেই চকুহাল ধূসৰ হৈ আখৰবোৰ চিনিব নোৱাৰাকৈ চকুপানীৰে ভৰি পৰে, পৃষ্ঠাটোৱে প্ৰতি আৱেগবোৰে জঁপটিয়াই ধৰে, মিশ্ৰিত অনুভূতি কিছুমানে হেতা-ওপৰা কৰে আৰু শেষত বহুদিনলৈ মন-মগজুত সেই গ্ৰন্থখন আৰু তাৰ চৰিত্ৰবোৰ পাকঘূৰণি খাই থাকে। তেনে এখন শেহতীয়া গ্ৰন্থ হ'ল লখিমপুৰৰ খেলমাটিৰ জীয়ৰী তথা বৰ্তমান নয়দাৰ বাসিন্দা গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ "প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া" শীৰ্ষক গল্প সংকলনখন। কাহিনী আৰু ৰূপকথাৰ মিলনেৰে প্ৰতিটো গল্পকে এক অপূৰ্ব সৌন্দৰ্য প্ৰদান কৰা, মানুহ পঢ়ি ভালপোৱা গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ মানুহৰ কথাৰে, সমাজে সততে আওকাণ কৰা সৰু অথচ স্পৰ্শকাতৰ কথা, বিষয়ৰ সমষ্টিৰে ২০২৫ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থ "প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া"। উল্লেখযোগ্য যে লেখিকাৰ এইখন তৃতীয়খন গ্ৰন্থ। ইয়াৰ পূৰ্বে তেওঁৰ "সূৰ্যফুলৰ দেশলৈ" (উপন্যাস) আৰু 'ডেউকা' (গল্প সংকলন) নামৰ দুখন গ্ৰন্থ প্ৰকাশ হৈছে। "প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া" গ্ৰন্থখনত সৰ্বমুঠ ১৭টা গল্প আছে আৰু প্ৰতিটো গল্পই ভিন্ন স্বাদেৰে পৰিপূৰ্ণ।
গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰতিটো গল্পয়ে কঢ়িয়াই আনিছে ভিন্ন স্বাদ, ভিন্ন আৱেগ, অনুভূতি আৰু উৎকণ্ঠা। তাৰ ভিতৰত কেইটামান গল্পৰ বিষয়ে অতি চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমেই আৰম্ভ কৰোঁ গ্ৰন্থখন যিটো গল্পৰ নামেৰে নামাকৰণ কৰা হৈছে সেই গল্পটোৰ কথাৰেই। "প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া" শীৰ্ষক গল্পটোৱে কৈ গৈছে আপোন মানুহে কৰা প্ৰতাৰণা আৰু বিশ্বাসঘাটকতাৰ কথা, আপোন বুলি আদৰি লোৱাজনেই কৰা কুঠাৰাঘাতৰ কথা। এগৰাকী নাৰীৰ জীৱনত তেওঁৰ স্বামীয়েই সৰ্বস্ব। সাংঘাতিক সাহসী, শক্তিশালী, আত্মনিৰ্ভৰশীল নাৰী গৰাকীৰ জীৱনো নিজৰ স্বামীক কেন্দ্ৰ কৰিয়েই চলি থাকে আৰু তেনে সময়তে যেতিয়া সেই স্বামীয়েই প্ৰতাৰণা কৰে, বিশ্বাসঘাটকতা কৰে তেতিয়া চকুৰ সন্মুখত সেই নাৰীয়ে দেখা পায় কেৱল আৰু কেৱল এন্ধাৰ। প্ৰত্যেক মানুহৰে জীৱনত বন্ধুৰ স্থান সুকীয়া, বন্ধুত্ব এক পৱিত্ৰ সম্পৰ্ক আৰু তেনে বন্ধুৱে যেতিয়া বিশ্বাসৰ সৌধত কুঠাৰাঘাত কৰে তেতিয়া মানুহে কালৈ চাই বিশ্বাসৰ পোহৰ বিচাৰিব! গল্পটোত স্বামী, প্ৰাণৰ বান্ধৱী সকলোৰে পৰা প্ৰতাৰিত হৈ জীৱন শেষ কৰাৰ সিদ্ধান্ত লৈয়ো আকৌ জীৱনমুখী পোহৰে বাট দেখুৱাইছে পৰিধিক। নিজৰ বাবে জীয়াই থকাৰ সপোনত, নিজক ভালপোৱাৰ আৱেগত, অকলেই আগুৱাই যোৱাৰ সাহসত মৰণৰ বাটৰ পৰাও জীৱনমুখী সঞ্জীৱনীৰে উভতি আহিছে পৰিধি। গল্পটোৰ কেইটামান বিশেষ শাৰী এনে ধৰণৰ "সকলো এৰি যাৰ সৈতে আজীৱন কটাম বুলি আহিছিল তেৱেঁই যেতিয়া নিজৰ হৈ নাথাকিল তাৰ পিছত কি আশা বুকুত লৈ জীয়াই থকা যায়!"(বিশ্বাসঘাটকতা, প্ৰতাৰণাত ভাঙি পৰা), "মোক মই নিজেই ভাল পাই জীয়াই থাকিম। আজি নিজলৈ এক অবুজ মৰমত গলি গলি শেষ হৈ গৈছোঁ মই। কাৰো নোহোৱাকৈ মোৰ মাথোঁ মোৰ হৈ জীয়াই থাকিবলৈ বৰ মন গৈছে।"(জীৱনমুখী, আত্মপ্ৰেম)। আকৌ, 'ইচ্ছা' নামৰ গল্পটোত তেনেই সৰু যেন লগা অথচ অতি গুৰুত্বপূৰ্ণ বিষয় এটাক গল্পকাৰে মূল হিচাপে লৈছে। ইচ্ছা, চখ পূৰণৰ বাবে যে বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই তাক অতি আৱেগিকভাৱে ফুটাই তোলা হৈছে গল্পটোত। 'পৰিচয়' শীৰ্ষক গল্পটোত প্ৰত্যেক মানুহেই যে নিজৰ এটা সুকীয়া পৰিচয় বিচাৰে, নিজকে নিজে বিচৰা ধৰণেৰে সমাজৰ আগত দাঙি ধৰিব খোঁজে তাক দেখুওৱা হৈছে। আত্মপৰিচয়ৰ শংকা যে মৃত্যুতকৈও ভয়ানক তাকো অতি সুন্দৰকৈ প্ৰতিফলিত কৰা হৈছে গল্পটোত। "প্ৰত্যেক মানুহৰে বাৰু জীৱনত এটা এনেকুৱা সময় আহে নেকি য'ত তেওঁ কেতিয়াবা ধৰফৰাই উঠে অকণমান নিজস্ব পৰিচয় বিচাৰি!" এই বিশেষ শাৰীটোৱেই সমগ্ৰ গল্পটোৰ মূলভাৱ প্ৰতিফলিত কৰে। অত্যাধিক ৰক্ষণশীল ব্ৰাহ্মণ সমাজৰ কিছুমান গোড়া ৰীতি-নীতিৰ দিন উকলি যোৱা অপ্ৰয়োজনীয় ভাবধাৰাত খামুচি ধৰি থকাৰ ফলত সেই ভাবধাৰাই কাৰোবাৰ জীৱনত কিমান নিৰ্মমভাৱে প্ৰহাৰ কৰিব পাৰে সেয়া দেখুওৱা হৈছে "কি এই জীৱন লখিমী" নামৰ গল্পটোত। আকৌ, 'বাৰ্তালাপ' নামৰ গল্পটোত দেখুওৱা হৈছে কথা পাতিবলৈ মানুহক কাণ আৰু মুখৰ প্ৰয়োজন নাই, প্ৰয়োজন কেৱল হৃদয়ৰ ভাষাৰ আৰু আন্তৰিকতাৰ। "যাৰ হৃদয়ৰ ভাষা ইমান স্পষ্টকৈ শুনো তেওঁৰনো মাত এষাৰৰ মোৰ কি প্ৰয়োজন।" আৰু"কথা পতা মানুহলৈ মোৰ ঈৰ্ষা জাগে। দুষাৰ কথা পাতিবলৈ লগ থকা যিকোনো মানুহলৈকে সাংঘাতিক ঈৰ্ষা জাগে মোৰ।" এইকেইটা বাক্যতে প্ৰতিফলিত হয় 'বাৰ্তালাপ' শীৰ্ষক গল্পটোৰ ভাবাৰ্থ। ইয়াৰোপৰিও "সোণ মোৰ টোপনি যায়" গল্পটোৱে পাঠকক আৱেগিক কৰি তোলাৰ লগতে মানৱীয় মূল্যবোধৰ অৱক্ষয় সম্পৰ্কেও ভাবিবলৈ বাধ্য কৰি তুলিব। ক্ষমতা, প্ৰতিপত্তিৰ ওচৰত বিক্ৰী হোৱা মানৱতা, নৈতিকতাৰ কংকালসাৰ ৰূপটো দেখুওৱা হৈছে এই গল্পটোত। "মানুহক সদায় অকণমান অবিশ্বাসৰ মাজত ৰাখিবি আইমানু। যিদিনা কোনোবাই বুজিব যে তই বৰ বিশ্বাস কৰ সেইদিনাই সকলো শেষ কৰি দিবলৈ এক মুহূৰ্তও নাভাবিব। মোকো সেইদিনাই শেষ কৰি দিছিল যিদিনা তেওঁ গম পাইছিল যে তেওঁক বৰকৈ বিশ্বাস কৰিছিলোঁ মই।" সম্ভৱতঃ এইকেইটা বাক্যয়ে "সোণ মোৰ টোপনি যায়" গল্পটোত পাঠকৰ মনত ৰেখাপাত কৰিব।
নাৰী মনস্তত্ত্ব, মৃত্যু চেতনা, জীৱনমুখীতা, আত্মপ্ৰেম লেখিকাৰ গল্পৰ প্ৰধান বৈশিষ্ট্য হিচাপে দেখিবলৈ পোৱা গৈছে। গল্পসমূহত লেখিকাই প্ৰতিটো পৰিৱেশৰ যিদৰে বৰ্ণনা কৰিছে তাৰ পৰা বুজিব পৰা যায় যে তেওঁৰ পৰ্যবেক্ষণ গুণ অতি শক্তিশালী। ইমান সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ! ইয়াৰোপৰিও ভাষাৰ ব্যৱহাৰত লেখিকা অতি দায়িত্বশীল হোৱা দেখা গৈছে আৰু সামাজিক সমস্যাৰ অনুভৱৰ লগতে সংবেদনশীলতাও প্ৰকাশ পাইছে। গ্ৰন্থখনৰ প্ৰতিটো গল্পই মানুহৰ বাস্তৱ জীৱনৰ তেনেই ওচৰ চপা। সময়ে সময়ে লেখিকাগৰাকীয়ে গ্ৰন্থখনত সন্নিৱিষ্ট গল্পসমূহৰ বিভিন্ন চৰিত্ৰ আৰু পৰিৱেশৰ সহায়ত সামাজিক অবিচাৰবোৰৰ স্থিতাৱস্থাৰ বিপক্ষে তেজস্বী প্ৰতিবাদেৰে গৰজিও উঠিছে। তেনেই সাধাৰণ যেন লগা একোটা বিষয়ত প্ৰাণ দি কেনেকৈ ইমান অসাধাৰণ ৰূপ দিব পাৰে! পাঠকক কিদৰে ইমান আৱেগিক কৰি তুলিব পাৰে! "প্ৰিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া" পঢ়ি ক'ব পৰা যায় যে গায়ত্ৰী প্ৰান্তিক শৰ্মা বৰ্তমানৰ পৰা অনাগত সময়লৈকে এগৰাকী শক্তিশালী লেখিকা, যাৰ কলমে কথা কয়, যুঁজে, প্ৰতিবাদ কৰে আৰু বহু সময়ত ফুলৰ দৰে সুগন্ধি বিলায়।