অসীমত যাৰ হেৰাল সীমা আৰু ৰূপালী পৰ্দা: এক আশাৰ বতৰা

   "নাও এৰি দিলোঁ। নাজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্ৰথম সোঁতত। শেষ বাৰলৈ ঘূৰি চালোঁ ওচৰৰ আঁহতজোপালৈ। চকুত পৰিল তাৰ গুৰিৰ নিমজ পিঠিত কবিবৰে কটাৰীৰে লিখি অহা কেঁচা আখৰকেইটা "অসীমত যাৰ হেৰাল সীমা"
    প্ৰজন্মৰ পাছত প্ৰজন্মই যিখন উপন্যাসৰ পটভূমি বুকুত বান্ধি চৰিত্ৰসমূহক নিজৰ মাজত বিচাৰি আহিছে, সংলাপসমূহ প্ৰিয় গীতৰ দৰে আওৰাই আহিছে, যিখন উপন্যাস একাধিক বাৰ পঢ়িও পাঠকৰ আমনি নালাগে তেনে এখন উপন্যাসেই হ'ল "অসীমত যাৰ হেৰাল সীমা"। অসীমত যাৰ হেৰাল সীমা যি নাৰীয়ে পঢ়িছে, তেওঁ জীৱনত এবাৰলৈ হ'লেও চন্দনৰ দৰে এজন প্ৰেমিক বিচাৰিছে, গৌৰীৰ দৰে চন্দনৰ প্ৰেয়সী হোৱাৰ হেঁপাহ জাগিছে। আকৌ, একপক্ষীয় প্ৰেমিকাসকলে নিজকে চম্পাৰ সৈতে ৰিজাইছে, নিজকে চম্পা বুলি সান্ত্বনা লভিছে। মুঠতে অসীমত যাৰ হেৰাল সীমাৰ প্ৰতিটো চৰিত্ৰই উপন্যাসখন প্ৰকাশৰ আজি ৮১ বছৰৰ পাছতো পাঠকৰ মনত খোপনি পুতি ৰৈ গ'ল। মাঘৰ বিহুৰ দিনা খেলমাটিত হোৱা চন্দন আৰু গৌৰীৰ প্ৰথম সাক্ষাতে আজিও পাঠকৰ মনত এক ৰোমাঞ্চৰ সৃষ্টি কৰে। মুঠতে সময়ৰ ঢৌত হেৰাই নোযোৱা এক সৃষ্টিৰ নামেই হ'ল "অসীমত যাৰ হেৰাল সীমা"। তদুপৰি "অসীমত যাৰ হেৰাল সীমা" এনে এখন উপন্যাস যাৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰিলে বুজিব পাৰি যে এতিয়াও আমাৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা কমি যোৱা নাই। কাঞ্চন বৰুৱা ছদ্মনামেৰে ভুৱন মোহন বৰুৱাই ৰচনা কৰা অসীমত যাৰ হেৰাল সীমা উপন্যাস খনত কাহিনীটোৱে এটা সপোনক আধাৰ কৰি গতি কৰে আৰু ই বাস্তৱ আৰু কল্পনাৰ সমাহাৰত তথা জন্মান্তৰবাদৰ আলমত ৰচিত। ১৯৪৫ চনৰ ১৫ জুলাইত প্ৰথম প্ৰকাশ হোৱা কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস 'অসীমত যাৰ হেৰাল সীমা'ই এতিয়া ৮১ বছৰ সম্পূৰ্ণ কৰিলে আৰু ৮১ বছৰ পূৰ্ণ কৰা এইখন উপন্যাসে পাঠকৰ মাজত আৰম্ভণিৰে পৰা আজিলৈকে যি সমাদৰ লাভ কৰি আহিছে তাৰ অন্তৰালত এটাই কাৰণ সেয়া হ'ল ঔপন্যাসিকে উপন্যাস খনত ঢলা ৰস। যি ৰস পাঠকে বিচাৰে। কি নাই এই বিশেষ উপন্যাস খনত! উপন্যাস খনৰ কাল্পনিক পটভূমি কাঞ্চনমতীৰ পাৰৰ কমল নগৰৰ ৰাজনৈতিক দিশ,প্ৰশাসনিক দিশ, সামাজিক ব্যৱস্থা, ৰীতি-নীতি আৰু উপন্যাস খনৰ মূল আকৰ্ষণৰ বিন্দু গৌৰী আৰু চন্দনৰ মধুৰ প্ৰেম, চম্পাৰ এক পক্ষীয় প্ৰেম আৰু পৰৱৰ্তী সময়ত সেই এক পক্ষীয় প্ৰেমৰ বাবে কৰা ত্যাগৰ সংমিশ্রণে উপন্যাস খনত সোণত সুৱগা চৰাইছে। এয়াই এগৰাকী ঔপন্যাসিকৰ শক্তি। ৮১ বছৰ পূৰ্ণ হোৱা "অসীমত যাৰ হেৰাল সীমা"ৰ দৰে উপন্যাসৰ সমাদৰে গ্ৰন্থ আৰু গ্ৰন্থপ্ৰেমী সকলৰ মাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। 
"অসীমত যাৰ হেৰাল সীমা" পঢ়া প্ৰতিগৰাকী পাঠকৰে এটাই দাবী, এটাই সপোন, "অসীমত যাৰ হেৰাল সীমা"ক ৰূপালী পৰ্দাত জিলিকাব লাগে, জীৱন্ত কাহিনীটোক আৰু অধিক জীৱন্ত ৰূপত সজাই তুলিব লাগে। উপন্যাসখনে গৌৰৱোজ্জল ৮১ বছৰত ভৰি দিয়াৰ প্ৰাক্ মুহূৰ্ত্তত "অসীমত যাৰ হেৰাল সীমা"ৰ অনুৰাগী সকলে অতবছৰে দেখি অহা এটা সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে গতি কৰা বুলি জানিবলৈ পাই আমি পাঠক সমাজ নথৈ আনন্দিত হৈছোঁ। সীমান্ত ফুকন চিনে ক্ৰিয়েচনৰ বেনাৰত সীমান্ত ফুকনৰ‌ পৰিচালনাত "অসীমত যাৰ হেৰাল সীমা"ই আধুনিক চলচ্চিত্ৰৰ ভাষাৰে দৰ্শকৰ মাজলৈ আহিব বুলি ইতিমধ্যেই সংবাদ মাধ্যমত খবৰটো প্ৰচাৰ হৈছে। উল্লেখযোগ্য যে বলিউড তথা বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত সফলতাৰে কাম কৰি সুনাম অৰ্জন কৰা অসমৰ সুসন্তান অনুৰাগ শইকীয়া "অসীমত যাৰ হেৰাল সীমা"ৰ সংগীত পৰিচালনাৰ দায়িত্বত থাকিব বুলি জনাইছে।‌ গতিকে "অসীমত যাৰ হেৰাল সীমা"ৰ পাঠক আৰু এগৰাকী চলচ্চিত্ৰপ্ৰেমী হিচাপে আমি স্বাভাৱিকতে আশাবাদী। পাঠক আৰু দৰ্শকে আশা কৰাতকৈও বহুত বেছি সফলতাৰে ৰূপালী পৰ্দাত জিলিকি উঠক "অসীমত যাৰ হেৰাল সীমা"।‌ 

 
                                                         
                 

Popular posts from this blog

ড° মৃণাল কলিতাৰ "চিকাৰ আৰু অন্যান্য কাহিনী"

উভতি নহাৰ বাট

কাব্য-ভূমি : উমাকান্ত শৰ্মা